জাতিৰ পিতাৰ হত্যাৰ ৰহস্য-

মহাত্মা গান্ধীৰ হত্যাৰ ৰহস্য জানিবলৈ এই কিতাপখন ডাউনলোড কৰি পঢ়ক

The-Murder-of-the-Mahatma

কেইবাটাও চৰকাৰী বেংক একেলগ (Merger) হৈ পৰিল

bankদেশ এতিয়া অৰ্থনৈতিক মন্দাৱস্থাৰ সন্মূখীন হোৱা বুলি প্ৰকাশ পাইছে। কোৱা হৈছে যে চৰকাৰী বেংক এতিয়া লোকচানত চলি আছে, গতিকে চৰকাৰে ইয়াৰ ওপৰত কিবা ব্যৱস্থা ল’ব লাগে। কিন্তু চৰকাৰে অলপো গুৰুত্বই দিয়া নাই। দাবী উঠিছিল ইয়াৰ বাবে চৰকাৰে অলপ ধ্যান দিছো।
শেষত চৰকাৰে ধ্যান দিলে, কিন্তু নিজ ধৰণেৰে!!!
এনেকুৱা ধ্যান দিলে যে এতিয়া কেইবাটাও চৰকাৰী বেংক একেলগ (Merger) হৈ পৰিল। এই কথা প্ৰকাশ কৰে কালি , অৰ্থাৎ ৩০ আগষ্ট ২০১৯ তাৰিখে, বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

এতিয়া নিশ্চয় জানিবলৈ বিচাৰিছে যে কোন কোন কেইটা বেংক এতিয়া মিলিত হ’ব জানিবলৈ ইচ্ছুক হৈছে নহয়নে?!
আহক জানো,

১. United BANK আৰু ORIENTAL BANK COMMERCEক
পঞ্জাব নেচনেল বেংক (PNB)ত মিলাই দিয়া হ’ল। ইয়াৰ ফলত দেশৰ দ্বিতীয় বৃহৎ চৰকাৰী বেংক হিচাবে প্ৰকাশ হ’ব পঞ্জাব নেচনেল বেংক। অনুমান কৰা হৈছে , এই বেংকৰ বছৰেকীয়া আয় ১৭ লাখ ৯৫ হাজাৰ কোটি টকা হ’ব।
.
২. দ্বিতীয়তে কানাড়া বেংক আৰু চিণ্ডিকেট বেংকক একেলগ কৰি দিয়া হ’ল। অনুমান কৰা হৈছে এই বেংকে বছৰি ১৫ লাখ ২০ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিব। আৰু ই দেশৰ চতুৰ্থ বৃহৎ চৰকাৰী বেংক হ’ব।

৩. ইয়াৰ বাহিৰেও ইউনিয়ন বেংক অব ইণ্ডিয়া, আন্ধ্ৰা বেংক, ক’ৰপ’ৰেচন বেংককো একেলগ কৰি দিয়া হ’ল। ই দেশৰ পঞ্চম বৃহৎ চৰকাৰী বেংক হ’ব।

৪. ইণ্ডিয়ান বেংক আৰু এলাহাবাদ বেংককো একেলগ কৰি দিয়া হ’ল। ই দেশৰ সপ্তম বৃহৎ চৰকাৰী বেংক হ’ব। ইয়াৰ বছেৰেকীয়া আয় ৮ লাখ কোটি টকা হোৱাৰ সম্ভাৱনা আছে।

এই ঘটনাৰ ফলত এতিয়া দেশত চৰকাৰী বেংকৰ সংখ্যা ১৮ টাৰ পৰা কমি গৈ ১২ টা পালেগৈ।
ৰিজাৰ্ভ বেংকৰ পৰা সাহাৰ্যৰাশি পোৱাৰ পাছত আশা কৰা হৈছিল যে, এই টকাখিনি বেংকৰ লোকচান কমোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব কিন্তু সেইয়া হৈ নুঠিল।

এই বিষয়ে আপুনি কি ভাবে জনাওক। জনমত গঠন কৰক। ধন্যবাদ

NATIONAL REGISTER FOR CITIZENSHIP

nrcNRC অৰ্থাৎ NATIONAL REGISTER FOR CITIZENSHIP,
চৰকাৰৰ এখন দস্তাৱেজ(Draft), যি নিশ্চিত কৰে যে, অসমত থকা কোনলোক স্বদেশী আৰু কোনসকল বিদেশী। ৩১ আগষ্ট, ২০১৯ত , ইয়াৰ চুড়ান্ত তালিকা প্ৰকাশ পালে। এই তালিকাত অসমত বাস কৰা ৩, ১১,২১,০০৪জনৰ নাম আছে আৰু তাৰ বিপৰীতে ১৯,০৬,৬৫৭ জন লোক এই তালিকাত অন্তৰ্ভুক্ত নহ’ল।

এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে, এই ১৯,০৬,৬৫৭ জন এন আৰ চি তালিকাত অন্তৰ্ভুক্ত নোহোৱা ব্যক্তি সকলক অসম তথা দেশৰ পৰা বহিস্কৃত কৰা। হ’ব নেকি?! এই প্ৰশ্ন সকলোৰে মনত আহি আছে, কিন্তু ইয়াৰ উত্তৰ নাই।
,

ইয়াৰ কাৰণ হৈছে উচ্চতম ন্যায়ালয়ে ২০১৩ চনতেই ইয়াক পুনৰোন্নিত (update) কৰিবলৈ আদেশ দিছিল। উচ্চতম ন্যায়ালয়ৰ আদেশৰ পাছত ৩১ ডিচেম্বৰ , ২০১৭ত চৰকাৰে প্ৰথমখন দস্তাৱেজ (Draft) মুকলি কৰিছিল। ইয়াৰ পিছত ৩০ জুলাই , ২০১৮ চনত NRCৰ দ্বিতীয়খন দস্তাৱেজ(Draft) প্ৰকাশ পাইছিল। য’ত, অসমৰ ২ কোটি ৭৯ লাখ লোকক ভাৰতীয় নাগৰিক বুলি গণ্য কৰা হ’ল। কিন্তু প্ৰায় ৪০ লাখ লোক এই লিষ্টৰ পৰা বাহিৰ হ’ল।

উচ্চতম ন্যায়ালয়ে ৩১ ডিচেম্বৰ, ২০১৮ তাৰিখক শেষ দিন বুলি ধৰি আদেশ জাৰি কৰিলে যে, এইবাৰ দস্তাৱেজ(Draft) নহয় , চূড়ান্ত তালিকা প্ৰকাশ কৰক। কিন্তু চৰকাৰে পুনৰ কিছু সময় বিচৰাত ন্যায়ালয়ে মঞ্জুৰ কৰে। শেষত কালি অৰ্থাৎ ৩১ আগষ্ট, ২০১৯ত চূড়ান্ত তালিকা প্ৰকাশ কৰিলে। য’ত ১৯,০৬,৬৫৭জন লোক অন্তৰ্ভুক্ত নহ’ল।

এতিয়া আৰু এটা প্ৰশ্ন আহে যে , NRCত নাম নথকা সকলৰ বিকল্প ব্যৱস্থা কি আছে!

ইয়াৰ উত্তৰ এইয়াই যে, তেওঁলোকৰ মাথো এটা বিকল্প আছে, আৰু এই বিকল্প ব্যৱস্থা আহিছে, Schedule of Citizenship Section 8ৰ পৰা।

ইয়াৰ মতে, যিসকলৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নাই হোৱা তেওঁলোকে ৩১ আগষ্ট দিনাৰ পৰা ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণ( Foreigner Tribunal)ত আপীল কৰিব লাগিব। ৩১ ডিচেম্বৰ, ২০১৯ ইয়াৰ বাবে শেষ তাৰিখ হ’ব।

অসম চৰকাৰে এই কামৰ বাবে সমগ্ৰ ৰাজ্যতে ৪০০ৰো অধিক
বিদেশী ন্যায়াধীকৰণ( Foreigner Tribunal) স্থাপন কৰিছে।
যদি বিদেশী ন্যায়াধীকৰণ( Foreigner Tribunal)এ কাৰোবাৰ আপীল অগ্ৰাহ্য (Reject)ও কৰে তেনে, উক্ত লোকে উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰে, আৰু যদি উচ্চ ন্যায়ালয়েও এই আপীল অগ্ৰাহ্য (Reject) কৰে তেনে তেওঁ পুণৰ উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰে যে তেওঁলোকক ভাৰতীয় নাগৰিক বুলি স্বীকৃতি দিয়ক।

কিন্তু যদি এই সকলোফালৰ পৰা নাগৰিকত্বৰ বাবে কৰা আপীল অগ্ৰাহ্য (Reject) কৰা হয় তেনে কি হ’ব? এই প্ৰশ্ন বহুতৰে মনলৈ আহিব!

এই সকললোকক চৰকাৰে বিদেশী চিনাক্তকৰণ কৰি ডিটেনছন কেম্প(Detention Centre)ত ৰখাৰ ব্যৱস্থা কৰিব।
সহজ ভাষাত ক’লে, উক্ত লোকক গ্ৰেপ্তাৰ কৰি বিশেষ কাৰাগাৰ(Special Jail)ত ৰখাৰ ব্যৱস্থা কৰিব, এই বিশেষ কাৰাগাৰ (Jail) এতিয়া সমগ্ৰ অসমতেই নিৰ্মাণ হৈ আছে।

এই বিদেশী সকলক দেশৰ বাহিৰ কৰি দিয়াৰো কোনো নীতি এতিয়া লৈকে প্ৰস্তুত হোৱা নাই, কিয়নো অসমত চিনাক্ত হোৱা বিদেশী সৰহসংখ্যক বাংলাদেশৰ পৰাই আহিছে। কিন্তু এওঁলোকক বাংলাদেশলৈ পঠাবৰ বাবে ভাৰত চৰকাৰে বাংলাদেশৰ লগত কোনো ধৰণৰ আলোচনা কৰা পৰিলক্ষিত হোৱা নাই। গতিকে এই বিদেশীসকলক দেশৰ পৰা বিতাৰণ কৰাৰ ক্ষেত্ৰত কোনো পন্থা লোৱা হোৱা নাই।

শেষত,

যিসকল অসমত বসবাস কৰা খিলঞ্জীয়া নাগৰিকৰ প্ৰামাণিক নথি-পত্ৰ বানপানী বা অন্য কিবা দূৰ্যোগত নষ্ট হৈ হ’ল, সেইসকলৰ বাবে চৰকাৰে কি ব্যৱস্থা ল’ব। সেইয়া লক্ষণীয় হ’ব। নিশ্চয় কিবা চিন্তা-চৰ্চা চলি আছে।

ধন্যবাদ।

আমাজন জ্বলিল কেনেকৈ

Matt-Ridleyআমাজোন বৰ্ষাৰণ্য, বিশ্বৰ সকলোতকৈ বিশাল জংঘল, ই ৫৫ লাখ কিলোমিটাৰ মাটিকালিৰে কেইবাখনো দেশত বিয়পি আছে,  যাৰ ৬০ শতাংশ অংশ ব্ৰাজিলত, ১২ শতাংশত পেৰুত, ১০ শতাংশত কলম্বিয়াত আৰু বাকীখিনি অংশ অন্যান্য দেশত বিয়পি আছে৷  আজি প্ৰায় ৩ সপ্তাহ ধৰি জুই জ্বলি আছে৷ দক্ষিণ আমেৰিকাৰ ব্ৰাজিলত থকা পৃথিৱীৰ হাওঁফাওঁ হাৰ্ট অৱ দ্য প্লেনেট খ্যাত এই জংঘল আজি দাওদাওকৈ জ্বলি আছে৷ আমাজন বৰ্ষাৰণ্যই পৃথিৱীক ২০ শতাংশ অক্সিজেন যোগান ধৰে বুলি দাবী কৰা হয়৷ এতিয়ালৈকে আমাজন বৰ্ষাৰণ্যখনৰ প্ৰায় ৬০ শতাংশ জ্বলি নষ্ট হৈ গৈছে। ইতিমধ্যেই বৰ্ষাৰণ্যখনৰ আধাতকৈ অধিক জুইত জাহ যোৱাৰ ফলত ইয়াৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰিবলৈ আৰম্ভ কৰিছে।  আমাজন বৰ্ষাৰণ্য যদি সম্পূৰ্ণ নষ্ট হৈ পৰে তেন্তে সাগৰৰ তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু যদি সাগৰৰ তাপমাত্ৰা বৃদ্ধি পাই তেন্তে ঘূৰ্ণী বতাহ সৃষ্টি হোৱাটো স্বাভাৱিক। আমাজনৰ এই অগ্নিকাণ্ডক গুৰুত্বসহকাৰে লৈ সমগ্ৰ বিশ্ব ওলাই আহিছে। বিভিন্ন স্থানত এই জুই নিৰ্বাপনৰ দাবী উত্থাপন কৰি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। ইফালে, ছ’চিয়েল মিডিয়াতো #PrayForTheAmazon প্ৰচাৰ চলাই থকা হৈছে।

আমাজোনৰ এই অগ্নিকাণ্ডই প্ৰথমে ব্ৰাজিলৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ওপৰত প্ৰভাৱ পেলাব। এই অগ্নিকাণ্ডৰ সৈতে মোকাবিলা কৰিবলৈ প্রথমে জি-৭ সন্মিলনত মুঠ ২২ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১৫৭ কোটি টকা সাহায্য ব্ৰাজিলক প্ৰদান কৰাৰ কথা সিদ্ধান্ত লোৱা হৈছিল। ব্ৰাজিলে প্রথমে এই ধন ল’বলৈ অমান্তি হৈছিল যদিও, এতিয়া তেওঁলোকে জি-৭ৰ এই সিদ্ধান্তত সহমত আগবঢ়াইছে।

চি এন এনৰ এক সমীক্ষা অনুসৰি, আমাজনত সংঘটিত অগ্নিকাণ্ড এই বৰ্ষত ৮৫ শতাংশলৈ বৃদ্ধি পাইছে। ব্ৰাজিল মহাকাশ গৱেষণা কেন্দ্ৰ সদৰী কৰা মতে, ব্ৰাজিলৰ অৰণ্যসমূহত এই বৰ্ষত ৮০হাজাৰৰো অধিক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। আৰু আমাজনৰ অগ্নিকাণ্ড ইমানেই ভয়ংকৰ যে, এই অগ্নিকাণ্ডৰ ফলত ওলোৱা ধোৱা মহাকাশৰ পৰাও চাব পাৰি।

অগ্নিকাণ্ড সংঘটিত হোৱা কাৰণ:

আমাজন বৰ্ষাৰণ্যখনত প্ৰতিবছৰে জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত সংঘটিত হয় অগ্নিকাণ্ড। চি এন এনৰ ন’ন প্ৰফিট সংস্থা আমাজন ৱাছৰ প্ৰ’গ্ৰাম ডায়ৰেক্টৰ ক্ৰিশিয়ন প’য়ৰিয়ৰে সদৰী কৰা অনুসৰি, খেতি আৰু পশুপালনৰ বাবে ভূমি চফা কৰিবলৈ প্ৰায়ে জুই লগোৱা হয়। আমাজনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ মুল কাৰণ হ’ল এইয়াই৷

অসম বিদেশী ন্যায়াধীকৰণৰ দুয়োবেলাৰ প্ৰশ্নকাকত(প্ৰতিটো কোডৰ) আৰু উত্তৰ চাওক এতিয়াই

Download the QUESTION BOOKLET of the written exam held on 11-08-2019 for the Recruitment of Ministerial Staff of Foreigner’s Tribunal . ( Morning Session – HSSLC level posts i.e. for the post of Data Entry Operator and Copyist).

Series A-  Q1-A

Series-B- Q1-B

series-C- Q1-C

series-D- Q1-D

 

Download the Question BOOKLET of the written exam held on 11-08-2019 for the Recruitment of Ministerial Staff of Foreigner’s Tribunal . ( Afternoon Session- Graduate level posts i.e. UDA, Steno, LDA, Bench Assistant and Typist).

Series-A- Q2-A

Series-B- Q2-B

Series-C- Q2-C

Series-D- Q2-D

Answer Key- morning Session-

Morning Session (HSSLC level for the post of Data Entry Operator and Copyist)

Answer key- Evening session-

Afternoon Session (Graduate level for the posts of UDA, Steno, LDA, Bench Assistant and Typist)

 

CTET December 2019 Notification Released: Examination on December 8, 2019

The Central Board of Secondary Education (CBSE) has announced the examination dates for the 13th edition of Central Teacher Eligibility Test (CTET). CTET December 2019 is going to held on December 8, 2019. The test will be conducted in 20 (Twenty) languages in 110 cities all over the country.

The detailed Information Bulletin containing details of examination, syllabus, languages, eligibility criteria, examination fee, examination cities and important dates will be available on CTET official website http://www.ctet.nic.in from 19-08-2019.

The aspiring candidates have to apply online only through CTET website http://www.ctet.nic.in. The online application process will start from 19-08-2019. The last date for submitting online application is 18-09-2019 and fee can be paid upto 23-09-2019 till 15.30 PM

The CTET examination is conducted for two papers – Paper I is meant for Primary stage (for classes 1 to 5) teachers and Paper II is meant for Elementary stage (for classes 6 to 8) teachers. Candidates who fulfill the eligibility criteria for both papers can apply for both papers.

CBSE has today released the short notification for CTET December 2019 examination, which can be checked in the following link.

CTET December 2019 Short Notification: Click Here .

শিক্ষক দিৱস= সস্তীয়া গিফ্ট ডে

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে শিক্ষকতা কৰিছিল… তেখেতৰ কেইজনমান ছাত্ৰই তেখেতৰ জন্মদিৱসটো পালন কৰাৰ প্ৰস্তাৱ দিলে৷ তেতিয়া তেখেতে নিজৰ বক্তব্য ৰাখিলে.., যদিহে তোমালোকে মোৰ জন্মদিনটো পাতিব বিচাৰা তেনে, মোৰ জন্মদিন বুলি নহয়.. শিক্ষক দিৱস বুলি উদযাপন কৰা৷ তেতিয়া সমগ্ৰ শিক্ষক সমাজকে সন্মান জনোৱা হ’ব৷ তেতিয়াৰে পৰা ৫ ছেপ্টম্বৰ দিনটো শিক্ষক দিৱস বুলি উদযাপন কৰি অহা হৈছে৷

সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰে এজন বৰেণ্য দাৰ্শনিকৰ জীৱন আদৰ্শৰ পৰ্যালোচনা আৰু তাৰ ছেগতে শিক্ষক সমাজৰ সেৱাৰ প্ৰতি শ্রদ্ধা জনোৱাৰ উদ্দেশ্যতেই শিক্ষক দিৱস উদযাপন আৰম্ভ হৈছিল৷ দ্ৰুত গতিৰ পৰিৱৰ্তনৰ এই দিনত শিক্ষক দিৱসৰ দৰে এটি মহান দিন প্ৰহসনত পৰিণত হোৱা পৰিলক্ষিত হৈছে৷ আজিৰ ছাত্ৰসমাজৰ বহুতেই শিক্ষক দিৱসৰ দিনটোক কেক কটা সস্তীয়া বাৰ্থ দেলৈ পৰ্যবেসিত কৰা যেন অনুভৱ হৈছে৷ তাহানিৰ এলান্ধুকলীয়া মা-দেউতাকসকলে তেতিয়াৰ দিনত সন্তানৰ জন্মদিনটোত গোসাই ঘৰত নাম-কীৰ্তন, ভাগৱত পাঠ, এগছি চাকি-বন্তিৰ পোহৰেৰে ভকতৰ আশীৰ্বাদত উদযাপন কৰা ৰীতি হেৰাই গৈ মমবাতি নুমুৱাই কেক কটাত আহি উপনীত হ’ল৷ আজিৰ ছাত্ৰৰ মনটো এনেধৰণৰ নতুন কায়দাৰ আধুনিক বাৰ্থ ডে উদযাপনৰ ধাৰণাৰ জন্ম হ’ল৷ ৫ ছেপ্টম্বৰ, শিক্ষক দিৱসৰ দিনা সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিৱসটোও তেনেধৰণৰ ৰূপলৈ গৈ থকা পৰিলক্ষিত হৈছে৷ শিক্ষক দিৱসত সংযোজন হ’ল, ৰং-বিৰঙৰ বেলুন, ৰঙীন কাগজ.., প্লাষ্টিকৰ ফুল, ৰঙীন মমবাতি আৰু বাৰ্থদে কেকৰ৷ শিক্ষক দিৱসৰ প্ৰকৃত উদ্দেশ্য হেৰাই গৈ এটা বাৰ্থদেত পৰিণত হ’ল৷

শিক্ষক দিৱসৰ দিনা আৰম্ভ হোৱা সকলোতকৈ ডাঙৰ প্ৰথাটো হৈছে উপহাৰ.. ইজনতকৈ সিজনে ভাল উপহাৰ দিব পৰাৰ এক অঘোষিত প্ৰতিযোগিতা চলে উক্ত দিনটোত…৷ শিক্ষক দিৱসটো পৰিণত হৈছে উপহাৰ দিয়া অনুষ্ঠানলৈ৷ কোনোবা বাতৰি কাকত এখনত পাইছিলো.. ‘কোনোবা এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত উপহাৰ দিয়া বিষয়টোক লৈ হোৱা সমালোচনাৰ বাবে বিদ্যালয়ৰ কতৃপক্ষই সেই দিনটোত শিক্ষক-শিক্ষয়িত্ৰীক উপহাৰ লোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা দিব লগা হৈছিল৷’

আমাৰ আকৌ শিক্ষক দিৱস আহিলেই মনত পৰে.. কিমান যে আনন্দ., ৫ টকা দি এটা টিকট কিনো..আৰু সেইটোকে পিঙ এটাৰে খুঁচি চোলাত লগাই ফুৰো..৷ ছাত্ৰসকলৰ দ্বাৰা আয়োজিত সভাত শিক্ষকসকলৰ বহুমূলীয়া ভাষণ শুনো৷ কম-বেছি পৰিমাণে উপহাৰৰ প্ৰথা তেতিয়াও আছিল.., কিন্তু আজিৰ দৰে নাছিল৷  আজি ১০-১২ বছৰত এই পৰিৱৰ্তন কিছু আর্শ্চযকৰেই৷

আপুনি GOOGLEৰ বিষয়ে এনেকুৱা কি জানে যিখিনি বহুতেই নাজানে?

১. Google ত টাইপ কৰক “Do a barrel roll” তেতিয়া আপোনাৰ পেজটো 360-Degree ঘুৰি যাব।

২. Google এ বহুপৰিমাণে উচ্চাৰণ কৰাত সহায় কৰক, যদি আপুনি যিকোনো সংখ্যা লিখাৰ পাছত =English বুলি টাইপ কৰে তেনে সেই নাম্বাৰটো কেনেকৈ পঢ়ে সেইয়া কৈ দিব।

৩. Googleত টাইপ কৰক “Askew” তেতিয়া পেজটো বেকা হৈ যাব।

৪. Googleৰ এটা উভতা সংস্কৰণো আছে, যাক ‘Google मिरर’ নামেৰে জনা যায়, যি সকলো প্ৰতিবিম্ব আকাৰত দেখা যায়। আপুনি ইয়াক “Google mirror – I’m elgooG” ৱেবচাইটত গৈ Google mirror ৰূপটো চাব পাৰিব।

৫. প্ৰথম Google কম্পিউটাৰ ষ্টৰেজক Legos
ৰ সৈতে বনোৱা হৈছিল।

৬. Googleএ নিজক 1999ত ১ মিলিয়ন ডলাৰৰ বিনিময়ত Exciteক বিকিব বিচাৰিছিল Excite CEOএ এই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল।

 

আপুনি অহংকাৰী মানুহবোৰক কেনেকৈ চম্ভালে যি সফল হৈ আপোনাক তলত দেখাবলৈ চেষ্টা কৰে?!

আপুনি অহংকাৰী মানুহবোৰক কেনেকৈ চম্ভালে যি সফল হৈ আপোনাক তলত দেখাবলৈ চেষ্টা কৰে?!

পুৰণা কথা এষাৰ আছে, “ঈশ্বৰে যেতিয়া কাৰোবাক কিবা এটা দিয়ে তেতিয়া পোৱাজনে নিজে কিছুমান বদগুণ অৰ্জন কৰি লয়।”

সেয়েহে যেতিয়া কোনো এজন মানুহৰ ওচৰত টকা-পইচা/সফলতা আহে, তেনে স্বাভাবিকতেই তেখেতে নপতা ফুকন হৈ পৰে।

ইয়ালৈকেতো বুজা যায় বাৰু, কিন্তু ইয়াৰে কিছু সংকীৰ্ণ মানসিকতাৰ মানুহে আৰু এখোজ আগুৱাই অনাৱশ্যকভাৱে তুলনা কৰি আনক নিজতকৈ নিম্ন দেখুৱাইও সুখী অনুভৱ কৰেৎ

এইসকলেই আনৰ কষ্ট দেখি ভালপোৱা বিধৰ মানুহৰ শাৰীত পৰে।

আজিকালিৰ চিৰিয়েলবোৰত এনেকুৱা মানসিকতাৰ চৰিত্ৰবোৰ আৰু এখোপ উঠাই দেখুৱাই থাকে।

তেওঁ কি বিচাৰে, ইয়াতকৈ অধিক গুৰুত্বপূৰ্ণ কথা এইটোহে যে, আমি কি হ’বলৈ দিব বিচাৰো।

মই এই অধিকাৰ কাকো নিদিও আজিকালি যে অন্য কোনোবাই মোক নিম্ন দেখাব বা গছত উঠাই গুৰি কাটিব, সেয়েহে আজিকালি এনেকুৱা কথাৰ উত্তৰ এটা মিচিকিয়া হাঁহি মাৰি শেষ কৰো।

প্ৰতিশোধৰ ভাবনা এই বাবেই নাৰাখো কিয়নো তেওঁৰ মানসিকতা ভাল হোৱা হ’লে তেওঁ এনেকুৱা কথা/কাৰ্য নকৰিলেইহেঁতেন, আৰু তেওঁলোকৰ বৌদ্ধিক স্তৰলৈ নমাটো মোৰ বাবে সহজসাধ্য নহয়।

এনে ক্ষেত্ৰত মই এওঁলোকৰ কথাবোৰ গুৰুত্ব নিদিয়াটোয়েই একমাত্ৰ উপায় বুলি ভাবো।

প্ৰথম অৱস্থাত পোনপটীয়াকৈ উত্তৰ দিছিলো, কিন্তু এনে লোকৰ লগত তৰ্ক কৰা, ‘গৰুৰ আগত টোকাৰী বোৱা নিচিনা কথা’ৰ সমান, সেয়েহে মই তেওঁলোকক তেওঁলোকৰ ভাগে সন্তষ্ট হ’বলৈ দি নিজৰো মানসিক শান্তি ভংগ নকৰাৰ চেষ্টাত থাকো।

কাৰোবাৰ কটু কথা শুনি তেওঁক স্প্ৰৰ্দ্ধা কৰাৰ পৰা বিৰত থকাৰ চেষ্টা অহৰহ কৰি থাকো।

আপুনি এনে লোকক কেনেদৰে গুৰুত্ব দিয়ে, আপুনি নিজক কিমান গুৰুত্ব দিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰে।

চিমকাৰ্ডৰ আৱিষ্কাৰঃ

চিমকাৰ্ড আধুনিক জীৱনশৈলীৰ এক অভিন্ন অংগ হৈ পৰিছে। চিমকাৰ্ড দেখাত এটা সৰু পিটলৰ চিপেৰে তৈয়াৰী। কিন্তু এই চিমকাৰ্ডেই আমাক ইটো-সিটোৰ লগত সম্পৰ্ক স্থাপনত সহায় কৰে।

বৰ্তমান পৃথিৱীত কোটি কোটি চিম এক্টিভ হৈ আছে। প্ৰথম চিমকাৰ্ড আৱিষ্কাৰ কৰিছিল এটা জাৰ্মান কোম্পানী (Giesecke & Devrient) 1991 ত।

সকলোতকৈ আগত চিমকাৰ্ডৰ টেকনিক বিশেষত্ব (European Telecommunications Standards Institute ) এ নিৰ্ধাৰণ কৰিছিল।

Giesecke & Devrient কোম্পানী জাৰ্মানীৰ মিউনিচত (Munich) অৱস্থিত। যি বেংকনোট(Banknote) আৰু স্মাৰ্টকাৰ্ড বনোৱাত সকলোতকৈ আগত আছে।

বিভিন্ন ইউৰোপীয় দেশত জিএচএম সেৱা দিবৰ বাবে চিম কাৰ্ড তৈয়াৰ কৰা হৈছিল। সেইসময়ত ইউৰোপে GSM (Global System for Mobile Networks) প্ৰট’ক’ল আৰম্ভ কৰিছিল।

বিশ্বৰ প্ৰথম GSM phone call -Giesecke & Devrientএ ১৯৯১চনত মাত্ৰ ৩০০ টা চিমকাৰ্ড বনাইছিল যিখিনি ফিনলেণ্ডৰ ৱায়াৰলেছ নেটৱৰ্ক অপাৰেটৰ কোম্পানী ৰেডিঅ’লিঞ্জা (Radiolinja) ক বিক্ৰী কৰিছিল।

এই কোম্পানীৰ নেটৱৰ্কতেই ১৯৯১ চনত প্ৰথম জিএচএম (first GSM phone call) ফোন কল কৰা হৈছিল।

ফিনলেণ্ডৰ সেইসময়ৰ প্ৰধানমন্ত্ৰী, Harri Holkeriএ ১ জুলাই ১৯৯১ চনত Helsinki, ফিনলেণ্ডত প্ৰথমবাৰ GSM কল কৰিছিল।

১৯৯১ চনত আৰম্ভ হোৱাৰ পাছত চিমকাৰ্ডৰ ভিন্ন পৰিৱৰ্তন আহিল। প্ৰথম ই ক্ৰেডিট কাৰ্ডৰ সমান আকাৰ আছিল। কিন্তু এতিয়া অত্যাধুনিক টেকনিকৰ দ্বাৰা ডিজাইন কৰাত ই নেন’ চিম হৈ পৰিল।

-১৯৯১- প্ৰথম GSM কল কৰা হৈছিল। এতিয়া দিনে কোটি কোটি ফোন কল কৰা হয়।
-১৯৯২- ৯ নবেম্বৰ ১৯৯২ চনত , নকিয়াই বিশ্বৰ প্ৰথম ব্যৱসায়িক ভাৱে GSM ডিজিটেল ম’বাইল ফোন- নকিয়া 1011 মুকলি কৰিছিল।

-১৯৯৩- প্ৰথমবাৰ SMS Message পঠোৱা হ’ল।

-২০১২- প্ৰথমবাৰ নেন’ চিম বজাৰলৈ আহিল ।

-২০১৩- প্ৰথম eSIM লান্স কৰা হ’ল।

চিমকাৰ্ডৰ সম্পূৰ্ণ নামঃ

চিমকাৰ্ড- Subscriber Identity Module (SIM) ৰ চুটিনাম। ই চিমকাৰ্ড ব্যৱহাৰকাৰী গ্ৰাহকৰ পৰিচয় দিয়াৰ লগতে ম’বাইলফোনৰ জৰিয়তে কথা পাতিবলৈ সহায় কৰে ।

চিমকাৰ্ডৰ ব্যৱহাৰঃ
চিমকাৰ্ডৰ দুটা প্ৰাথমিক ভূমিকা আছে।

পৰিচয়ঃ প্ৰতিটো চিমকাৰ্ডতে বেলেগ বেলেগ চিৰিয়েল নাম্বাৰ থাকে। এই সংখ্যাৰ জৰিয়তে ম’বাইল নেটৱৰ্কে নিজৰ users চিনাক্ত কৰে।

প্ৰমাণীকৰণঃ ম’বাইল নেটৱৰ্কে এইটো নিশ্চিত কৰে যে গ্ৰাহকজনৰ পৰিচয় বৈধ , নেটৱৰ্ক আৰু চিমকাৰ্ডৰ সুৰক্ষাৰ মাজত ই সোমাই থাকে।

এইধৰণে চিমকাৰ্ডে প্ৰমাণীকৰণৰ বাবে আৱশ্যকীয় তথ্য জমা ৰাখে আৰু ব্যৱহাৰকাৰীৰ ফোনক নেটৱৰ্কৰ লগত যোগ কৰাৰ অনুমতি দিয়ে।

ইয়াৰ বাহিৰেও IMSI (International Mobile Subscriber Identity) নম্বৰ সকলো চিমতে থাকে। চিমকাৰ্ডত কিছুপৰিমানে মেমৰিও‌ থাকে, য’ত নাম আৰু টেলিফোন জমা হৈ থাকে।

চিমকাৰ্ডৰ প্ৰকাৰঃ
১৯৯১ চনত চিম আৱিষ্কাৰ হোৱাৰ সময়ত কেৱল এক ধৰণৰ চিমকাৰ্ডহে আছিল। আজিকালি তিনিপ্ৰকাৰৰ চিমকাৰ্ড ব্যৱহাৰ হয়

Mini SIM Card 1996-যাৰ আকাৰ ২৫×১৫ মিঃমিঃ থাকে।

Micro SIM card 2003- ইয়াৰ আকাৰ ১৫×১২ মিঃমিঃ থাকে। ইয়াৰ চাৰ্কিট বৰ্ডৰ চাৰিওফালে প্লাষ্টিক নাথাকে।

Nano SIM card 2012-ইয়াৰ ১২.৩×৮ x০.৬৭ মিঃমিঃ থাকে।

চিমকাৰ্ডক দুটা অন্য প্ৰকাৰত ভাগ কৰা হৈছে- GSM और CDMA

eSIM কি?

Electronic SIM বা Embedded SIM কাৰ্ডক ই-চিম বোলা হয়, যাক বেলেগকৈ কিনা নহয়। ই আপোনাৰ ফোনৰ ভিতৰত থাকে যাক চিমকাৰ্ডৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হয়। কোনো প্লাষ্টিকৰ চিমৰ প্ৰয়োজন নাথাকে। এইধৰণৰ eSIM ম’বাইলত লগতে লাগি থাকে।

কিন্তু ইয়াক ম’বাইল নেটৱৰ্কৰ লগত যোগ কৰিব লাগে। সকলো ম’বাইলতে এই নেটৱৰ্ক চাপৰ্ট নকৰে। eSIM ম’বাইলৰ পৰা পৃথক কৰিব পৰা নাযায়।

মই আজিৰ ইলেকট্ৰনিক মিডিয়া !

এটা সময় আছিল যেতিয়া জনতাই মোৰ ওপৰত বিশ্বাস কৰিছিল । কিন্তু এতিয়া ভয় কৰে কাৰণ মই আজিৰ মিডিয়া ।
আজি মিডিয়াই টিআৰপি আৰু টকাৰ বাবে খবৰৰ লগত অন্যায় কৰে আনকি সমাজক ঠগিবলৈ বাকী ৰখা নাই । মিছা খবৰ , ভুল কাহিনী আৰু কিমান যে ঠগৰামী কৰা ডিবেটছ পাতি মানুহক ভ্রমিত কৰে । আজি ক’ত গ’ল কঙাল অৱস্থা, আজি ক’ত গ’ল আহিবলগীয়া বিপদৰ খবৰবোৰ, আজিৰ ভ্রষ্টাচাৰ, নিবনুৱা সমস্যা, দুর্ভিক্ষ কিমান বাঢ়ি আহিছে , সেইবোৰ খবৰবোৰো ৰহণ লগাই দেখুওৱা মিডিয়াই সন্তবোৰৰ ভাল বেয়া বিচাৰ কৰি , হিন্দু মন্দিৰৰ ওপৰত বিতর্ক অনুস্থান পাতে কিন্তু গৰু হত্যা কৰা কথাতো মিডিয়াই সমাজলৈ নপঠায় ।আৰে হিন্দু ধর্ময়েই সকলো অপৰাধ কৰিছে নেকি? আজি কি কেৱল ডাঙৰ ডাঙৰ সকলো অপৰাধ আমাৰ হিন্দু ধর্মৰ সন্তবোৰেহে কৰে নেকি আৰু কোনো ধর্মত জাতি ভাগ বা অপৰাধী পন্থা নাথাকে। কি আন বেলেগ ধর্মত বা জাতিত অপৰাধ নহয় । হিন্দু ধর্ম গোটেই পৃথিৱীৰ ভিতৰত কেৱল ভাৰততেই বাছি আছে ।এই প্রাচীন ধর্মই সমাজক সুস্থ, সুখী আৰু সন্মানেৰে জীবলৈ শিকাইছে । ইয়াৰ যোগ, আসন, প্রাণায়াম, মেডিটেছন ধ্যান পদ্ধতিয়ে আজি গোটেই পৃথিৱীকে শান্তি আৰু সুস্বাস্থ্য প্রদান কৰে । আজি য’ত ডাঙৰ ডাঙৰ দেশবোৰে ইখনে সিখনক আক্রমণ কৰিবলৈ ভাবি থাকে । সেইসময়তে আমাৰ দেশে গোটেই বিশ্বৰ বাবে শান্তিৰ সংবাদ কঢ়িয়াই নিয়ে ।
ভাতৃ্ত্বৰ ভাৱনা জগাই তুলিব পাৰে । কিন্তু আজিৰ মিডিয়াই তৃ্তীয় বিশ্ব যুদ্ধৰ দৰে কেৱল হিন্দু ধর্ম নষ্ট কৰাতহে লাগি থাকে ।
মই কোনো ধর্ম, সম্প্রদায়ৰ পক্ষ নলও কিন্তু মই মিডিয়াক সুধিবলৈ বিছাৰো যে ভাৰতত আন ধর্মবোৰত কি অপৰাধ নহয়? কি কেৱল ভাৰতৰ সন্ত আৰু হিন্দু সংস্কৃতিয়েহে সকলো অপৰাধ কৰে? আজি কিয় মিডিয়া কেৱল হিন্দু সন্তবোৰৰ পাছত লাগি আছে ?? যদি দম আছে তেনে আন ধর্মৰ কথাও দেখাওক । তথাপিও মিডিয়াৰ সকলো কথাৰ বেছিভাগেই মিছা কয় ।
মনেসজা কাহিনী বনোৱা, মিছা খবৰ দি বিভ্রান্ত কৰা এনেকোৱাবোৰ কামহে কৰি আহিছে আজিৰ মিডিয়াই । মিডিয়াই সেইখিনিহে দেখুৱাই যিখিনি সিহঁতে দেখুৱাবলৈ বিছাৰে । কিন্তু কেতিয়াবা ভাবিছেনে যে আপোনাৰ এই খবৰবোৰে কিমান অশান্তি, অৰাজকতা, কাজিয়াৰ সৃষ্টি কৰিব পাৰে ।
সম্ভৱ দেশত শান্তি হৈ থকাতো কামনা নকৰে আজিৰ মিডিয়াই ওচৰ-চুবুৰীয়াৰ লগত কাজিয়া কৰোৱাইহে ভাল পায় ।
আমি বিশ্বাস কৰো যে মোডীজীয়ে এনেকুৱা খবৰবোৰৰ ওপৰত নিয়ন্ত্রণ ৰাখিব ।