গছ-গছনিটো দেখোন জীৱন থাকে, তেনে আমি সেইবোৰ কাটি দেখোন খাই থাকো, সেইয়া জীৱহত্যা নহয় নেকি?!?!! (যুক্তি আমিষভোজীৰ)

বহুবাৰ এই বিষয়ত বহুতৰ লগত যুক্তি তৰ্ক কৰিছো, ইয়াত মই কি ভাবো তাৰ সম্পূৰ্ণ ধাৰণা প্ৰকাশ কৰিছো।
মই উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ আছিলো। গছ-গছনিৰ বিষয়ে অলপ-চলপ পঢ়িছো। বিজ্ঞানৰ মতে এইয়া সত্য যে গছ-গছনিটো জীৱন থাকে, যেনেকৈ জীৱৰ শ্বসনতন্ত্ৰ, বিকাশ, পুনৰোপত্তি, প্ৰজনন তন্ত্ৰ, ৰক্ষাত্মক প্ৰতিক্ৰিয়া থাকে তেনেদৰে গছৰো এইসকলোখিনি থাকে।

এনেকৈ কোৱা হয় যে নিৰামিষভোজীসকলে জীৱহত্যাৰ বিৰুধিতা কৰে, তেওঁলোকে খোৱা সকলো খাদ্য (গাখীৰৰ বাহিৰে) ইয়াৰ ফল-মূল, শাক-পাচলি আদি গছ-গছনিৰ পৰাই আহে। তেনে তেওঁলোকেও জীৱহত্যা নকৰে নেকি?!

এটা কথা সত্য যে গছ-গছনিৰো জীৱন থাকে, কিন্তু ফল-মূলৰ গছবোৰলৈ যদি চাওঁ তেনে দেখো যে, ফলবোৰ পূৰঠ হ’লে বা পকিলে সি নিজে নিজেই গছৰ পৰা সৰি পৰে, উদাহৰণ স্বৰূপে আপেল, আম ইত্যাদি। যদি গছত লগা ফলসমূহ খাবলৈ এৰিও দিয়া হয় তেতিয়াও সি পকি সৰি যাব , তাৰপাছত তাৰ বিকাশ হ’ব লগা নাথাকে।
.
.
সেউজীয়া শাক-পাচলি ৰ কথা ক’লে, যেনে-ধনিয়া, লাই, পালেং আদি বছৰেকীয়া শাক, এইসকলোবোৰ ডাঙৰ হোৱাৰ ২০-৩০ দিন ভিতৰতেই হালধীয়া হ’বলৈ আৰম্ভ কৰে। ইয়াৰ দ্বাৰা গম পোৱা যায় যে, তাৰ আৰু বৃদ্ধি হ’বলগা নাই। ইয়াৰ পাছত তাক খাওক বা নাখাওক, কাটক-নাকাটক সি শুকাই বা সৰিয়েই যাব।

তেনেদৰেই শস্য, যেনে-ধান, ঘেহু সকলোৰে ব্যৱহাৰ ইয়াৰ বৃদ্ধিকাল শেষ হোৱাৰ পাছতহে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত তাক খাওক বা নাখাওক, কাটক-নাকাটক সি শুকাই বা সৰিয়েই যাব।

সেই কথাটোকে বেলেগ এটা ধৰণেৰেও বুজিব পাৰি- গছ-গছনি বিভিন্ন ধৰণৰ থাকে, কিছুমান গছ বছৰে বছৰে বাঢ়ে, কিছুমান গছৰ আয়ুস দুবছৰহে, বেছিভাগ ফল লগা গছৰ আয়ুস বহুত বছৰ থাকে, যেনেঃ আম, কঠাল, আপেল, লিচু ইত্যাদি।
এতিয়া চাওক, সেই প্ৰতিজোপা গছে প্ৰতি বছৰে সময় অনুসৰি ফল দিয়ে, আমি গছৰ কোনটো অংশ খালো? আমি কেৱল ফল খালো, গছজোপা নিজৰ ঠাইত সুৰক্ষিত আছে।
পাছৰ বছৰ গছজোপাত পুণৰ ফল লাগিব, যাক আমি চিঙি বা সৰি পৰাৰ পাছত মাটিৰ পৰা উঠাই খাম, গছ একেই থাকিব। আৰু চাওক, ফল খাই যদি গুটিটো বা বীজটো ৰুই থও তেনে তাৰ পৰাও এজোপা গছ হ’ব, এইদৰেই জীৱনচক্ৰ চলি থাকিব।

আমিনো তেনে কাৰোবাক কাটিলো কেনেকৈ, আমিতো জীৱনেই দিলো না?!?

প্ৰকৃতিয়ে মানুহ নামৰ সন্তানটিৰ বাবে এইদৰেই এই গছ-গছনিবোৰ সৃষ্টি কৰিছে।

সেয়েহে মই ভাবো নিৰামিষাহাৰী হ’লে আপুনি-মই কাৰো বাঢ়ি অহা জীৱন বা বিকশিত জীৱন শেষ নকৰো।

মই নিজেও নিৰামিষাভোজী হ’বলৈ চেষ্টা কৰিছো । কাৰো ভাবনাত আঘাত দিবলৈ বিচৰা নাই। নিজৰ যুক্তিখিনিহে ৰাখিছো।

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.