অসমীয়া দেখো এজনো নাই

অসমীয়া দেখো এজনো নাই

চেপা, ঢকা-গতা, টনা-ধোঁহা খাই কান্দে ধাকুৰি অসমী আই,

জিত কৰে কোনে? আইৰ বুকুত অসমীয়া দেখোঁ এজনো নাই!

আছে- উজনি নামনি, শিৱসাগৰীয়া, নগঞা, ডিব্ৰুগড়ীয়া,

দৰঙ্গীয়া, কামৰূপীয়া, গুৱালপাৰীয়া, জকাইচুকীয়া

সুৱালকুছীয়া, তেজপুৰীয়া, লখিমপুৰীয়া, গোলাঘাটীয়া,

উত্তৰপাৰীয়া, দক্ষিণপাৰীয়া,

পলাশবাৰীয়া, যোৰহাটীয়া, বৰপেটীয়া, নলবেৰীয়া-কত কিছমৰ “ঈয়া”-

মাতৃভূমি ৰক্ষক হায়! নাই কণাকড়ি অসমীয়া৷

 

আছে- বামুণ-শূদিৰ, আহোম-চুটীয়া, নগা,গাড়ো, মিৰি, কছাৰী-কোচ,

কেওট-কলিতা, মিকিৰ-খাছীয়া, এটালৈ এটাৰ হিংসা খোছ,-

ভৱিষ্যতত খিল মাৰি থ’ই,

নিজে নিজ চকু কাঢ়ি কণা হ’ই

কোনে কাক মাৰি বৰ্ত্তিব চুকে-কোণে তাৰে ফোছ-ফাছ,;

আছে- চলিহা, ফুকন, চৌধুৰী, মেধী, দাস, ভাগৱতী, বৰদলৈ,

ডেকা, বৰা, বৰকটকী-কাকতি ফোপোলা বজোৱা ফুছ-হিলৈ

নিজৰ দেশক নিজৰ জাতিক

নুবুজা জড়তা আত্মঘাতিক,

ক্ষমতা লাভৰ খকতে মত্ত মাতৃৰ কোনে চাব বিলৈ?

অছে-গোহাঁই ভট্ট,শৰ্মা, বৰ্মা, গগৈ, গোহাঁই বৰুৱা, দুৱৰা, তালুকদাৰ,লহকৰ ,দত্ত, তামুলী, ৰাজখোৱা,

নাথ, বৰবৰা, বৰবৰুৱা,

কিমান উপাধি অন্ত নোপোৱা,-

সকলোটি আছে কিন্তু নাই নাই অসমী-সেৱক অসমীয়া৷

অছে- বহ্ম, চাংমা, ৰয়, পেগু, বসুমতাৰী, নাৰ্জাৰি, ইংতি

মাতৃক বধি মাউৰাটো হ’ই চুঙাত সোমোৱা ভেমটি,-

অনৰ প্ৰভাৱ অধিনতা ল’কে

নি আছে নমাই পলকে-পলকে

একে সাঙোৰতে পৰ্বত-ভৈয়াম অসহযোগৰ হান দি;

আছে- হাজৰিকা, বুজৰবৰুৱা, ভৰালী, ভূঞা, শইকীয়া,

মহীয়া-পখীয়া-এঘাৰদিনীয়া, মহাপুৰুষীয়া, দামোদৰীয়া,-

ই গাওঁৰ পৰা সি গাওঁ চেৰাই

বিৰোধ ধলেৰে সমাজ উটাই

চলিছে ক্ষিপ্ত খোজেৰে ঐক্য-চিন-ছাব কৰি নাইকিয়া,

হায়! হায়! হায়! অসমী সেৱক নাই যে এজনো অসমীয়া৷

নাই লেশমানো এঠাৰ লেপেট কোনো কাৰো স’তে নহয় মিল

ভাগি-চিগি গ’ই ছিন-ভিন হৈ কিলৰ পিঠিত খাইছে কিল,-

মাতৃৰ কোনে দুৰ্দশা চাব নিজেই মৰিছে নিজকে খাই,

তিলতিলকৈ নাই-নুই হ’ই গ’ই আছে তত তথাপি নাই,-

নেতাৰ বেদীত দলীয় দাপৰ,

উন্মাদনাত ধৰিছে ফাপৰ,-

পাছ-দুৱাৰেদি ভোটৰ হাটত দেশ-বিক্ৰীৰ খলকনি,

আগ চোতালত কোৱাৰি বিদৰা আইডোল’লজীৰ কাকধ্বনি,-

তেলপেৰা দৰে প্ৰগতি পেৰাত পেৰপেৰকৈ আছে ওলাই

বাট-ঘাট-হাট পদূলি-পথাৰ ভৰাই কেৱল ঠেঙা-হাৱাই,-

কলাৰ নামত সহাভিনয়ত, চিনেমা-হলত চুৰত মুখত,

ছোৱালী নাচত মন-প্ৰাণ ৰত,-মাতৃৰ দুখ মোচন কৰাৰ তিলমানো তাত ৰহণ নাই,-

হায়! হায়! হায়! অসমী আইৰ ৰক্ষক আজি এজনো নাই!!!!

 

-অম্বিকাগিৰী ৰায়চৌধুৰী, ১৯৪৯চন, “ৰামধেনু”

কি হ’লহেতেঁন যদি মুছলমান ভাই-বন্ধুসকলে দেশ এৰি গুছি গ’লহেতেঁন,

আমাৰ দেশত মুছলমান ভাই-বন্ধুসকলৰ এক বিশেষ মহত্ব আছে, যাৰবাবে সমগ্ৰ বিশ্বতে আমাৰ এক সুনাম আছ হিন্দু-মুছলমান একাত্মকতাৰ বাবে ৷ সেইবাবেই পৃথিৱীৰ ভিতৰত আমাৰ দেশতেই সুৰক্ষিত মুছলমান ব্যক্তি পোৱা যায়৷ কি হ’ব যদি মুছলমান ভাই-বন্ধুসকলে আমাৰ লগ এৰি গুছি যায় ইয়াৰ বিষয়েই আমি ইয়াত ক’বলৈ বিচাৰিছো৷ গতিকে শেষলৈকে পঢ়িবলৈ নাপাহৰিব৷

বন্ধুসকল যদি ১৯৪৭ চনতেই সকলো মুছলমানেই আমাৰ দেশ ত্যাগ কৰি গুছি গ’লহেতেঁন তেনে আমি আব্দুল কালামৰ দৰে ৰাষ্ট্ৰপতি নাপালোহেতেঁন, তাৰ বাহিৰেও আমি জাকিৰ হুছেইন, এ আৰ ৰহমান, জাভেদ আখতাৰ আদিৰ দৰে শিল্পীক নাপালোহেতেঁন৷ ইয়াৰ লগতে আপোনাক জনাও যে ভাৰতৰ এজন ডাঙৰ ব্যৱসায়ী আজিম হাচিম প্ৰেমকো নাপালোহেতেঁন যি দেশৰ ২ লাখতকৈও অধিক নিবনুৱাক কৰ্মসংস্থাপন দিছিল৷ আজি বলীউডত যিকেইজন খানে চিনেমাৰ জৰিয়তে দেশক এক নতুন পৰিচয় দিয়াৰ লগতে দেশৰ উন্নতিত অৰিহণা যোগাই আহিছে তেওঁলোককো হয়তো আমি নাপালোহেতেঁন৷ আমাৰ দেশৰ সেনাবাহিনীত প্ৰায় ৪০,০০০তকৈ অধিক মুছলমান সৈন্য ভৰ্তি হৈ আছে৷ দেশৰ সুৰক্ষাত এওঁলোকৰ বিশেষ অৰিহণা আছে৷ আমাৰ ভাৰতৰ ক্ৰিকেট টীমৰ ইৰফান পাঠান, জাহিৰ খানৰ দৰে বলাৰে ভাৰতে কেতিয়াও নাপালোহেতেঁন৷

ভাৰতত ৰমজানৰ উত্সৱ বহুত ধুমধামেৰে পতা হয়৷ ১৯৪৭ চনতে যদি মুছলমানে আমাৰ দেশ ত্যাগ কৰি গুছি গ’লহেতেঁন তেনে এনেকুৱা এটি উত্সৱ আমি দেখিবলৈ নাপালোহতেঁন৷ যদি ভাৰতত মুছলমান মানুহ নাথাকিলহেতেঁন, তেনে ভাৰতৰ অৰ্থব্যৱস্থা কিছুপৰিমাণে মন্থৰ হৈছিল, কিয়নো ব্যৱসায় কৰাৰ ক্ষেত্ৰত মুছলমানসকলৰ আনৰ তুলনাত আগবঢ়া৷ সেইবাবে ভাৰতৰ অৰ্থব্যৱস্থাত মুছলমানসকলৰ এক বিশেষ ভূমিকা আছে৷  যদি তাহানিতেই মুছলমানসকলে আমাৰ ভাৰতবৰ্ষ ত্যাগ কৰি গুছি গ’লহেতেঁন তেনে এতিয়া যিসকল ৰাজনীতিকে হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰি আছে সেইখিনি কৰিব নোৱাৰিলেহেতেঁন৷ আপোনাক জনাওঁ যে সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষৰ নাম হিন্দু মুছলমানৰ একতাৰ বাবে লোৱা হয়৷ যদি আমাৰ দেশত মুছলমানেই নাথাকিলহেতেঁন তেনে এয়া সম্ভৱপৰ নাছিল৷ যদি আমাৰ দেশত মুছলমান নাথাকিলহেতেঁন তেনে যিমানখিনি সামাজিক কাম মুছলমান ব্যক্তিৰ দ্বাৰা হয় সেইখিনি সম্পাদন ন’লহেতেঁন৷

যদি মুছলমানসকল আমাৰ দেশত নাথাকিলহেতেঁন তেনে হাজাৰ হাজাৰ কট্টলখানা আমাৰ দেশত নাথাকিলহেতেঁন৷ ভাৰতৰ ইতিহাসত এতিয়ালৈকে এনেকুৱা বহুকেইজন মুছলমান মনীষী আছে বা আছিল যি আমাৰ ভাৰতবৰ্ষৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰিছে৷ ভাৰতত এনেকুৱা বহুতো মুছলমান সংগঠন আছে যি ভাৰতৰ প্ৰগতি আৰু বিকাশৰ হকে কাম কৰি আহিছে৷ এনেবোৰ কাৰণতেই মুছলমানসকল আমাৰ দেশৰ এক মহত্বপূৰ্ণভাগ হিচাপে পৰিগণিত হৈ আহিছে৷

অন্যহাতে দেশৰ জনসংখ্যা দ্ৰুতগতিত বাঢ়ি অহাৰ মূল কাৰণ হিচাপেও মুছলমান পৰিগণিত হৈছে৷ যাৰ বিকল্প হিচাপে তেওঁলোকক সুশিক্ষা আৰু আধুনিকতাৰ বিষয়ে জ্ঞান দিয়াতো নিতান্তই জৰুৰী৷

ভাৰত-ৰত্ন

আমাৰ দেশে প্ৰদান কৰা সৰ্ব্বোচ্চ অসামৰিক সন্মান হ’ল “ভাৰত-ৰত্ন”৷ সাহিত্য, কলা ,বিজ্ঞান, সমাজসেৱা,, ৰাজনীতি আদি সমাজৰ বিভিন্ন দিশলৈ আগবঢ়োৱা  উল্লেখযোগ্য অৰিহণাৰ বাবে এই সন্মান  প্ৰদান কৰা হয় ৷ গণৰাজ্য দিৱসৰ দিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই সন্মান প্ৰদান কৰে৷ এই বটাঁৰ বাবে জীৱিত বা মৃত যিকোনো ব্যক্তিকে নিৰ্বাচিত কৰিব পাৰে৷ ১৯৫৪ চনৰ ২ জানুৱাৰীৰ পৰা এই বটাঁৰ প্ৰচলন কৰা হয়৷ এই সন্মান আমাৰ দেশৰ ব্যক্তিৰ উপৰিও বিদেশী ব্যক্তিকো প্ৰদান কৰা হয়৷

এই বটাঁটো বিশেষভাৱে তৈয়াৰী ৷ পদকটো দেখাত আহঁত গছৰ পাতৰ আকৃতিৰ ৷ ই ব্ৰঞ্জেৰে তৈয়াৰী ৷পদকটোৰ সন্মুখৰ ফালে সূৰ্যৰ ছবি খোদিত কৰা হৈছে ৷ সূৰ্য্যৰ তলত “ভাৰত-ৰত্ন” কথাষাৰ হিন্দী ভাষাত লিখা আছে ৷ পদকটোৰ ওলোটা পিঠিত ভাৰতৰ জাতীয় প্ৰতীক খোদিত হৈছে ৷ এই ভাৰতীয় প্ৰতীকটোৰ তলত হিন্দী ভাষাত “সত্যমেৱ জয়তে” কথাষাৰ খোদিত কৰা হৈছে .

গৰুৰ বিষয়ে ৰচনা

প্ৰাচীন কালৰে পৰা ভাৰতীয় ধৰ্ম আৰু সংস্কৃতিত ‘গো’ মূল আধাৰ হিচাবে পৰিগণিত হৈ আহিছে ৷ প্ৰাচীন কালৰ পৰা ভাৰতীয় সংস্কৃতিত গো ভক্তি আৰু গো পালন সৰ্বোৎকৃষ্ট কৰ্তব্য হিচাবে পৰিগণিত হৈ আহিছে৷ হিন্দু শাস্ত্ৰত তেত্ৰিশ কোটি দেৱতাৰ কথা কোৱা হৈছে ৷ জড়চেতন সকলো বস্তু আৰু দেৱতাৰ নিবাসস্থান গো মাতা হোৱাৰ কাৰণে গো মাতাক বিশ্বৰূপ বুলি কোৱা

‘হে অবধ্যা গোমাতা! তোমাৰ স্বৰূপক প্ৰণাম৷’ (অধন্যে তে ৰূপায় নমঃ ) ৷

আকৌ প্ৰাৰ্থনা জনাইছে-

যি গোমাতাৰ পৰা এই স্থাৱৰ জংগম অখিল বিশ্বব্যাপ্ত হৈছে,সেই ভূত আৰু ভৱিষ্যতৰ জননীক শিৰ নত কৰি প্ৰণাম কৰিছো ৷ (যযা সৰ্বমিদং ব্যাপ্ত জগত স্থাৱৰজংগমম্ ৷ তাং ধেনুং শিৰসা বন্দে ভূতভব্যস্য মাতৰম্ ৷৷)’ হৈছে ৷ বেদ, স্মৃতি, পুৰাণ আদিত গো মহিমা তথা গো সেৱাৰ মহিমাৰ অনেক কাহিনী পোৱা যায় ৷

স্বয়ং বেদে গোমাতাক এইদৰে প্ৰণাম জনাইছে –

 

গায় বিশ্বৰ মাতা আৰু বলধ বিশ্বৰ পিতা ৷ (গাবো বিশ্বস্য মাতৰমঃ ৷ বৃষভঃ বিশ্বস্য পিতাঃ ৷) গো সম্পত্তিৰ স্বৰ বুলি কৈছে ৷ (ধেনুংসদনং ৰয়ীণাম ৷ অথৰ্ব বেদ ১১/১/৩৪) শতপথ ব্ৰাহ্মণ ৩/৩/৩/১) শুক্লযজ্জুৰ্বেদত কাৰ সমান উপমা নাই বুলি প্ৰশ্ন কৰিছে ( কস্য মাত্ৰা ন বিদ্যতে?) আৰু ইয়াৰ উত্তৰ দিছে ‘গো’ৰ সমান উপমা নাই বুলি (গোস্ত মাত্ৰা ন বিদ্যতে) ৷ মহাভাৰতৰ অনুশাসন পৰ্বত গো মাতাৰ সম্পৰ্কে বিস্তাৰিত বৰ্ণনা পোৱা যায় ৷ মহাভাৰতত কৈছে- ‘ধনং চ গোধনং প্লাহুঃ’৷ গো ধন হে প্ৰকৃত ধন ৷ গাবো লক্ষ্ম্যঃ সা মূলং গোষু পাপ্মা ন বিদ্যতে ৷ গো সদায় লক্ষ্মীৰ মূল ৷

‘গো’ত পাপৰ স্থিতিয়েই হ’ব নোৱাৰে ৷ ( মহাঃ অনুঃ ৫১/২৮) ‘গো’ সমস্ত প্ৰাণীৰ মাতা সদৃশ ৷ সকলোবিধ সুখ দিওঁতা (মাতৰঃ সৰ্বভূতানাং গাৱঃ সৰ্বস্বুখ প্ৰদাঃ ৷ মহঅ অনুঃ ৬৯/৯) আকৌ কৈছে গোমাতাৰ মাজত ঈশ্বৰ স্থিত হৈ থাকে ৷ …….. ‘গো’ জাতি স্বৰ্গ আৰু মোক্ষৰ চিৰি ৷ সকলো কামনা পূৰ্ণ কৰা মংগলদায়িনী দেৱী ৷ গো সেৱাৰ দ্বাৰা চাৰি পুৰুষাৰ্থ প্ৰাপ্তি হয় ৷ গো সেৱাৰ জৰিয়তে পুত্ৰপ্ৰাপ্তি, লক্ষ্মীপ্ৰাপ্তি, বিদ্যাপ্ৰাপ্তি, যশপ্ৰাপ্তি, জ্ঞানপ্ৰাপ্তি, বলপ্ৰাপ্তি আৰু দীৰ্ঘায়ুপ্ৰাপ্তি হোৱাৰ নানা কাহিনী শাস্ত্ৰসমূহত পোৱা যায় ৷ গো সেৱাৰ জৰিয়তে মহাৰাজ দিলীপৰ পুত্ৰ সন্তান লাভ, জাৱালৰ পুত্ৰ সত্যকামৰ বহ্মজ্ঞান লাভ সৰ্বজনবিদিত ৷ পবিত্ৰ নদী গোদাবৰীৰ জন্মৰ লগত গো মাতা জড়িত ৷ ভগৱান শ্ৰী ৰামচন্দ্ৰই বিপ্ৰ, ধেনু, মুৰ আৰু সন্তৰ হিতাৰ্থে মনুষ্য অৱতাৰ ধাৰণ কৰিছিল ৷

‘বিপ্ৰ, ধেনু, মুৰ আৰু সন্ত হিত লীহ্ন মনুজ অৱতাৰ৷’

ৰামচৰিত মানস ১/১৯২

ভগৱান ৰামচন্দ্ৰৰ ৰাৱণৰ লগত হোৱা যুদ্ধৰ অন্য এক কাৰণ আছিল ৰাৱণৰ গো জাতিৰ প্ৰতি থকা শত্ৰু ভাব ৷ ৰাৱণৰ আদেশত তেওঁৰ অনুচৰবিলাকে  গো আৰু বাহ্মণ থকা গাওঁ আৰু নগৰবিলাকত জুই লগাই দিছিল ৷

জেহি জেহি দেস ধেনু দ্বিজ পাৱহি ৷

নগৰ গাওঁ পুৰ আগি লগাৱহি ৷৷ ৰামচৰিত মানস ১/১৮৩/৬

মহাদেৱ শিৱৰ ‘বৃষধ্বজ’ আৰু পশুপতি শব্দই গো প্ৰীতিকে সুচাই ৷ মহাভাৰতৰ অনুশাসন পৰ্বত কৈছে ৷ ‘গো’ যজ্ঞৰ মূল ৷ গৰুৰ ঘিউ আৰু দধিৰ অবিহনে যজ্ঞ নহয় ৷ গোৰ জৰিয়তেহে যজ্ঞৰ ফল প্ৰাপ্তি হয় ৷

 

ঋতে দধি ঘৃতেনেহ ন যজ্ঞঃ সম্প্ৰৰ্বততে ৷

তেন যজ্ঞস্য যজ্ঞত্বমতো মূলং চ কথ্যতে ৷৷

মহাভাৰত অনুশাসন পৰ্ব ৮৩/২

মহাৰাজ বিৰাটৰ  গো সম্পদ ৰক্ষণ আৰু সহদেৱ গো চৰ্যা সৰ্বজনবিদিত ৷ বিৰাট ৰজাই ৰাজভৱনৰ কাষতে গো ৰখাৰ স্থান দিছিল ৷ গোপাল শ্ৰীকৃষ্ণৰ নাম নক’লেও হ’ব ৷ শ্ৰীকৃষ্ণৰ মাখন চুৰ কৰা আৰু গৰু চৰোৱা কাহিনী অত্যন্ত চিত্তাকৰ্ষক ৷ পূতনা বধৰ পাছত মাতৃ যশোদাই অপদেৱতাৰ পৰা ৰক্ষাৰ বাবে গো খোজৰ ধূলি চতিওৱা আৰু গো মূত্ৰৰে স্নান কৰোৱা কথা ভাগৱতত আছে ৷ (গোমূত্ৰেণ স্নাপয়িত্বা পুনৰো গোৰজসাৰ্ভকম) ৷ ইয়াৰ বাদেও গো সেৱা, গোৰক্ষণ, গোসংবৰ্ধন আদিৰ সম্পৰ্কে বৃহৎপৰাশৰ স্মৃত, অগ্নিপুৰাণ, ভবিষ্যপুৰাণ, স্কন্দপুৰাণ, ব্ৰহ্মাণ্ডপুৰাণ, পদ্মপুৰাণ, উপনিষদ, বিষ্ণুধমোৰ্ত্তৰ পুৰাণ, বাল্মীকি ৰামায়ণ আদিত অনেক মনোৰম কাহিনী পোৱা যায় ৷ ইয়াৰ পিছৰ যুগ সমূহতো তুলসীদাস, নামদেৱ, শিৱাজী আদিৰ গোভক্তি তথা গো-সেৱাৰ অনেক কথা পোৱা যায় ৷

গো-সেৱাৰ নিৰ্বাচনঃ – বেদৰ মৈত্ৰায়ণী আদি শাখা তথা তাণ্ড্য, জৈমিনীয়, শতপথ ব্ৰাহ্মণ আদিত ‘গো’ শব্দৰ নানা নিৰ্বাচন পোৱা যায় ৷ ইয়াত ‘গম্লৃ গতৌ’ ধাতু. ‘গোবয় তিৰোভাবে’ বৈদিক ধাতু তথা ‘গৈ শব্দে’ ধাতুৰ পৰা ‘গো’ শব্দৰ নিৰ্বাচন হৈছে ৷ ‘গবা’ মানে প্ৰাণ আৰু প্ৰাণী ৷ এই দুয়োটা দ্বাৰা বা দুয়োটাৰ পৰা দেৱতাসকলে অসুৰ বিলাকক ‘গোবয়ন’ তিৰোহিত কৰিছিল৷ অৰ্থাৎ অসুৰৰ বিনাশ কৰিছিল ৷ ইয়েই হ’ল ‘গো’ৰ গোত্ব ৷ ‘গো’ সূৰ্য সম্বন্ধী প্ৰাণ ৷ আদিত্য ৱা গাৱঃ ৷ অৰ্থাৎ ‘গো’ প্ৰাণীৰ জন্ম সূৰ্য প্ৰাণৰ পৰা হৈছে ৷ ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে যি অসুৰ বিনাশী শক্তি সূৰ্যত আছে সেই শক্তি ‘গো’ প্ৰাণ তথা ‘গো’ প্ৰাণীতো আছে ৷ গো মাতাৰ স্বাস-প্ৰস্বাস, গো-মূত্ৰ, গোময়, গোদুগ্ধ, দধি, গোস্পদ আদিত সেই  শক্তি আছে, যিটো সূ্ৰ্যত আছে ৷ শ্ৰুতি কোৱা হৈছে-‘গচ্ছতি ইতি গৌঃ’ ৷ অৰ্থাৎ যিটো গিতশীল বা যাক গতিৰ পৰা পোৱা যায় সি ‘গো’ ৷ অথৰ্ববেদৰ পিপ্পলাদ শাখাত সকলো গতিশীল পদাৰ্থকে ‘গো’ বুলিছে ৷ ‘অথ বৈ সাৰ্পৰাজ্ঞী’ অৰ্থাৎ ‘গো’ প্ৰাণ আৰু ‘গো’ প্ৰাণী দুয়োটা গমণশীলতাত ৰাণী ৷ দুয়োটা গতিশীল হোৱা কাৰণে দুয়োটা ‘গো’ ৷

বাক, দিক, বাণ, পৃথিৱী, জল, বলদ, বজ্ৰ(বিদ্যুত), কিৰণ, সুখ, ধেনু, স্পৰ্শ, বহ্নি, অক্ষি, স্বৰ্গ, চন্দ্ৰ আদি অনেক গতিশীল হোৱাৰ কাৰণ ‘গো’ ৷ ‘গো’ৰ লগত অন্য শব্দৰ সংযোগেৰে গোৰ মহত্ব স্বয়ং সিদ্ধ হৈ যায় । যেনে- গোপ, গোপী, গোৱাল, গোকুল, গোবিন্দ, গোষ্ঠ, গোষ্ঠপতি, গবাক্ষ, গোস্তমী,  গোগ্ৰাস ইত্যাদিইত্যাদি ৷৷

ঋগ্বগগগগগগ্বেদত কৈছেকৈকৈছে, ‘মা গামনামগামদিতিং বধিষ্ট’ ৷ ‘গো’ অদিতি ৷  ইয়াক কেতিয়াও বধ কৰিব নালাগে ৷ ‘গো’ শব্দ বাণী আৰু পৃথিৱীবাচক ৷ ই দিব্য তথা পাৰমাৰ্থিক জগতৰ সাৰ ৷ ‘দিতৰ্বৈ নাশঃ’ ৷ ‘দিতি’ নামনাশক ৷  ‘অদিতি’ অবিনাশী অমৃত তত্বৰ নাম ৷ গোমাতাক বেদে অদিতি বুলি কৈ অমৃত তত্বৰ প্ৰতীক হিচাপে চিহ্নিত কৰিছে ৷ গোমাতাক স্বয়ং অমৃত হৈ অমৃত তত্ব লাভৰ মাৰ্গদৰ্শক ৷

সমূদ্ৰ মন্থনৰ সময়ত সমস্ত লোকৰে কল্যাণকাৰিণী পঞ্চ গোমাতাৰ উৎপন্ন হৈছিল ৷ তেওঁলোক হ’ল- নন্দা, সুভদ্ৰা, সুৰভি, সুশীলা আৰু বহুলা ৷ তেওঁলোক সমস্ত লোকৰে কল্যাণ তথা দেৱতা সকলক হবিষ্যৰ দ্বাৰা পৰিতৃপ্ত কৰিবৰ কাৰণে আবিৰ্ভূত হৈছিল ৷ দেৱতাসকলে তেওঁলোকক মহৰ্ষি জমদগ্নি, ভৰদ্বাজ, বশিষ্ট, অমিত আৰু গৌতম মুনিক সমৰ্পন কৰে ৷ তেওঁলোকে প্ৰসন্নতাপূৰ্বক গ্ৰহণ কৰে ৷ এই পঞ্চ গোমাতাই সকলো কামনা প্ৰদান কৰা কাৰণে কামধেনু বুলি কোৱা হয় ৷ গোমাতাৰ পৰা উৎপন্ন গোষড়ংগ-দুগ্ধ, দৈ, গোবৰ, ঘিউ, মূত্ৰ আৰু ৰোচনা অত্যন্ত পবিত্ৰ ৷ ‘গো’ মস্তকৰ পৰা উৎপন্ন গো ৰোচনা পৰম পবিত্ৰ সমস্ত অভীষ্ট সিদ্ধিকাৰক আৰু মংগল কৰক ৷

গোময়, গো মূত্ৰ আৰু গো দুগ্ধ

ধৰ্ম আৰু সংস্কৃতিৰ প্ৰতীক হোৱাৰ উপৰিও ভাৰতীয় কৃষি প্ৰধান অৰ্থব্যৱস্থাৰ এক এৰাব নোৱাৰা অংগ ৷ আমাৰ দেশৰ গোপালন পশ্চিমীয়া দেশৰ দৰে ৷ কেৱল দুগ্ধ আৰু মাংসৰ বাবে নহয় ৷ অমৃততুল্য দুগ্ধৰ অতিৰিক্ত গৰুৰ গোবৰ আৰু মূত্ৰ উত্তম উৰ্বৰক হিচাপে ব্যৱহাৰ কৰা হয় ৷ গৰুৰ গোবৰত লক্ষ্মীৰ আৰু গোমূত্ৰত গংগাৰ নিবাস বুলি কোৱা হয় ৷ এই কাৰণে গোময় আৰু গোমূত্ৰ অতি পবিত্ৰ বস্তু ৷ বিজ্ঞানী সকলেও গোবৰ আৰু গোমূত্ৰত ৰোগপ্ৰতিৰোধক শক্তি থকাৰ কথা প্ৰকাশ কৰিছে ৷ গোবৰত বিষ দূৰ কৰা আৰু গোমূত্ৰত পেটৰ ৰোগ দূৰ কৰা শক্তি থকাৰ কথা প্ৰকাশ কৰিছে৷ বিশেষকৈ যকৃত আদিৰ ৰোগত গোমূত্ৰ সেৱন অত্যন্ত লাভদায়ক বুলি কৈছে ৷ যুদ্ধৰ সময়ত গোবৰেৰে লিপা ঘৰত বোমাৰ প্ৰভাব কমকৈ পৰে বুলি কোৱা হৈছে ৷ গোবৰৰ পৰা গেছ, ইন্ধন তথা বিদ্যুৎ আহৰণ কৰিব পাৰি ৷

গাইগৰুৰ দুগ্ধ যিমান সাত্ত্বিক ইমান সাত্ত্বিক দুগ্ধ অন্য কাৰো নাই ৷ আমাৰ দেশৰ অত্যন্ত সৌম্য আৰু সাত্ত্বিক স্বভাৱৰ ৷ এই কাৰণে গৰুৰ গাখীৰে সাত্ত্বিক ৷ ইয়াক পান কৰিলে বুদ্ধি তীক্ষ্ন আৰু স্বভাৱ সৌম্য শান্ত হয় ৷ গোমাতাৰ দুগ্ধ পান কৰিলে শৰীৰ সুস্থ আৰু সবল হোৱাৰ উপৰিও ৰোগ নাশ কৰে ৷ পৰোপকাৰ দুহন্তি গাৱঃ ৷ গোমাতাৰ মহিমাৰ বৈজ্ঞানিক আধাৰো আছে ৷ বিজ্ঞানৰ প্ৰয়োগে দেখুৱাছে যে অমৃততুল্য গো দুগ্ধ সমস্ত মানৱ মাতৃৰ সমান ৷  কিয়নো মাতৃদুগ্ধৰ অভাৱত সদ্যজাত শিশুক গোদুগ্ধ পানেৰে জীৱন দিয়া হয় ৷

গোমাতা মহামুনি দধীচিৰ দৰে ৷ দধীচিয়ে দেৱতাসকলৰ কল্যাণৰ কাৰণে নিজৰ হাড় দান দিছিল ঠিক তেনেদৰে গোমাতাইও মৃত্যুৰ পিছত নিজৰ হাড়, ছাল, শিং আদিৰ দ্বাৰা আমাৰ উপকাৰ কৰে ৷ গোৰক্ষণ, গোপালন, গো সংবৰ্ধন তথা গো সেৱা ভাৰতীয় সংস্কৃতিৰ অভিন্ন অংগ ৷ ভাৰতীয় কৃষি আৰু অৰ্থব্যৱস্থাৰ আধাৰ গোবংশ ৷ গো জাতিৰ অবিহনে এখন সুস্থ, সবল তথা সুন্দৰ মানৱ সমাজৰ কথা কল্পনাই কৰিব নোৱাৰি ৷  প্ৰকৃততে গোজাতিৰ অবিহনে মানৱ সমাজ বৰ্তী নাথাকিব ৷

মহাভাৰতৰ অনুশাসন পৰ্বত কৈছে- গোভক্ত মনুষ্যই  যি যি বস্তু ইচ্ছা কৰে সেই সকলো প্ৰাপ্ত হয়৷ গোভক্ত স্ত্ৰীয়েও মনোবাঞ্চিত ফল লাভ কৰে ৷ পুত্ৰাৰ্থী মনুষ্যই পুত্ৰ আৰু কন্যাৰ্থীয়ে কন্যা ৷ ধন বিচৰা সকলে ধন আৰু ধৰ্ম বিচৰাসকলৰ ধৰ্ম প্ৰাপ্তি হয় ৷ বিদ্যাৰ্থীয়ে বিদ্যা, সুখ্যাৰ্থীয়ে সুখ৷ হে ভাৰত! গোভক্তৰ কাৰণে একোৱেই দুৰ্লভ নহয় ৷

( “গোষু ভক্তশ্চ লভেত্ যদ্ যদিচ্ছতি মানৱঃ ৷

স্ত্ৰীয়োপি ভক্তা যঅ গোষু তাশ্চ কামম্বাপ্নুয়ুঃ ৷৷

পুত্ৰাৰ্থী লভতে পুত্ৰং কন্যাৰ্থী তামবাপ্নুয়াত ৷

ধনাৰ্থী লভতে বিত্তং ধমাৰ্থী ধৰ্মমাপ্নুয়াত ৷৷

বিদ্যাৰ্থী চাপ্নুয়াদ বিদ্যাং সুখাৰ্থী প্ৰাপ্নুয়াত সুখম ৷

ন কিঞ্চিত দুৰ্লভ চৈব গবাং ভক্তস্য ভাৰত ৷৷)

যি পুৰুষে গো সেৱা কৰে আৰু সকলো প্ৰকাৰে ‘গো’ৰ অনুগমণ কৰে সেইজনৰ প্ৰতি সন্তষ্ট হৈ গোমাতাই অত্যন্ত দুৰ্লভ বৰ প্ৰদান কৰে ৷ গো জাতিৰ প্ৰতি মনেৰেও কেতিয়াও দ্বেষ কৰিব নেলাগে ৷  সদায় ইয়াক সুখ দিব লাগে ৷ যথোচিত সৎকাৰ আৰু নমস্কাৰ আদিৰ দ্বাৰা ইয়াৰ পূজন কৰিব লাগে ৷  যি মনুষ্য জিতেন্দ্ৰিয় আৰু প্ৰসন্নচিত হৈ সদায় ‘গো’ সেৱা কৰে তেওঁ সমৃদ্ধিৰ অধিকাৰী হয় ৷

যি গোমাতাৰ পৰা এই স্থাৱৰ-জংগম অখিল বিশ্ব ব্যাপ্ত হৈছে সেই ভূত আৰু ভৱিষ্যতৰ জননীক শিৰ নত কৰি প্ৰণাম জনাইছো ৷

গোমাতাক নমস্কাৰ ৷ গো পিতাক নমস্কাৰ ৷ গো বংশক নমস্কাৰ ৷

 

ভুৱন চন্দ্ৰ নেওগ

ভ্ৰাম্যভাষঃ ৯৯৫৪৯২০৮০৩